বিধবাৰ উক্তি-কুমকুম গগৈ

©Admin
0
সময়ৰ নিষ্ঠুৰতাই মোৰ
প্ৰাণৰ প্ৰতীমক কাঢ়ি নি আজি
দিলে এক নৱ পৰিচয় "বিধবা"।
সেই যে আমাৰ বিয়াৰ দিনা
আয়তীৰ উৰুলিৰে মুখৰিত ৰভাতলীত ,
তেওঁ পিন্ধোৱা শিৰৰ সেন্দুৰ মচি আজি
সমাজে পিন্ধাই দিলে বগা সাজ।
আৰু সেইদিনাৰ পৰাই মোৰ
বগা সাজযোৰ বৰ প্ৰিয়।
কোনোবাই মোক কৈছিল,
"এই সাজযোৰ পিন্ধাৰ পাছত,
এপাহ শান্ত শুভ্ৰ কমলৰ দৰেই কৰিবা
অস্থিৰতাক পাহৰি আৰম্ভ কৰিবা নৱজীৱন।"
কিন্তু সমাজে জানো বুজিব
এই সাজযোৰেই যে মোৰ
অস্থিৰতাৰ মূল কাৰণ।
সমাজে জানো বুজিব উশাহবিহীন
অস্থিৰ হৃদয়ৰ বাকৰুদ্ধ সময়ক।
(তেওঁ যে মোৰ উশাহ আছিল)
সমাজে জানো ক’ব পাৰিব
বাহিৰৰ শান্ত শুভ্ৰ কমলৰ
অন্তঃ স্খলনৰূপী অশান্তিৰ কাৰণ !
সমাজে জানো উত্তৰ দিব পাৰিব;
এই যে বগা সাজযোৰ, এইযোৰে
মোৰ হৃদয়ত কিয় বোৱাব পৰা নাই
শান্তিময় অমৃতৰ নিজৰা??


 🔴কুমকুম গগৈ
     শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)