আমি পাব্লিক-ফাৰুক হুছেইন

©Admin
0
 আমি পাব্লিক ! 
কাৰো একো নেখাওঁ, 
কাৰো একো নিপিন্ধো ,
সেয়ে কোনে কি ক'লে 
তাৰ খবৰ আমি নাৰাখোঁ।
কোনে কাৰ পিছত লাইন দিলে
আৰু কোনে কাক ঘোঁচ দিলে,
কোনে কেতিয়া বিপদত পৰিল,
কোনে কেতিয়া বেমাৰত মৰিল,
আৰু কোনে কাক হত্যা কৰিল
সেইবোৰ আমি নেদেখোঁ,
প্ৰতিৱেশীৰ চাপ নলওঁ কিন্তু 
প্ৰেমিক-প্ৰেমিকা চুমা খালে সহ্য নকৰোঁ।
 আমি পাব্লিক ! 
কাৰো একো নেখাওঁ, 
কাৰো একো নিপিন্ধো ,
সেয়ে কোনে কি ক'লে 
তাৰ খবৰ আমি নাৰাখোঁ।
কোন ছোৱালীক কোনে জুকালে!
আৰু কোনে কাক ধৰ্ষণ কৰিলে,
তাৰ পাছত তাই বাছিল নে নাই?
তাৰ খবৰ আমি নাৰাখোঁ।
দৰিদ্ৰই খাব পালে নে নাপালে,
সহায়- সহযোগিতা!
সেইবোৰ মই কৰাও নাই,
কৰিব খোজাও নাই। 
ৰাজনীতি কৰিব যি , 
সহায় সহযোগিতা কৰিব সি।
এতিয়া বাতৰিত সঁচাটো নকয়,
সেয়ে বাতৰি নুশুনো আৰু
শুনিবওঁ নিবিচাৰোঁ।
 আমি পাব্লিক ! 
কাৰো একো নেখাওঁ, 
কাৰো একো নিপিন্ধো ,
সেয়ে কোনে কি ক'লে 
তাৰ খবৰ আমি নাৰাখোঁ।
 খোৱা লোৱা আৰু টোপনি যোৱা,
আৰু ৰাতিপুৱা উঠি শৌচালয়লৈ যোৱা।
পইছা দেউতা পইছা মা,
পইছা অবিহনে সব খা খা।
কোনোবাই পইছাৰ বাবে ভিক্ষা কৰে,
কোনোবাই পইছাৰ বাবে দালালি কৰে।
কোনোবাই পূজাৰ বাবে চান্দা তোলে,
কোনোবাই ৰাস্তাত বহি মদ গিলে।
আমি সকলো দেখোঁ, সকলো বুজোঁ,
কিন্তু প্ৰতিবাদ হ'লে নকৰোঁ।
 আমি পাব্লিক ! 
কাৰো একো নেখাওঁ, 
কাৰো একো নিপিন্ধো ,
সেয়ে কোনে কি ক'লে 
তাৰ খবৰ আমি নাৰাখোঁ।

ৰেচনৰ দোকানত ৰেচন লওঁ,
সময়ে সময়ে ভোট দিওঁ।
চৰকাৰৰ লগত আমাৰ সেই বুজা-পৰা,
আজি এই দলটো কালি সেই দল
লাগি আছে উঠা-পৰা।
যি দল যতবাৰ চৰকাৰ গঠন কৰে,
চকু মুদি ভোট দিওঁ সেই দলকে।
 আমি পাব্লিক ! 
কাৰো একো নেখাওঁ, 
কাৰো একো নিপিন্ধো ,
সেয়ে কোনে কি ক'লে 
তাৰ খবৰ আমি নাৰাখোঁ।
এদিন কাম কৰিলে তিনি দিন ছুটীত কটাও
চৰকাৰী সাহাৰ্য্য পালে বহি বহি খাওঁ।
অন্যায় কৰিও ভাবি নাচাওঁ,
দালালি কৰি পকেট ভৰাওঁ।
মোৰ ঘোঁচত পুলিচ, আত্মীয় মোৰ
আৰু লোকৰ বেলাত পুলিচ ঘোঁচখোৰ।
অন্যৰ দোষ বিচাৰি উলিয়াও
নিজেই নিজৰ গুণকৃৰ্ত্তন গাওঁ।
ৰাজনীতিৰ বহুল চৰ্চা কৰোঁ,
পকেট গৰম হ'লে আন্দোলন বন্ধ কৰোঁ।
নিজৰ মৰণ নিজে মাতি আনো
নিজৰ কোনো দোষ নামানো।
আমাৰ বাবে দেশৰ কি ক্ষতি,
আমাৰ বাবে নিজৰ কি ক্ষতি,
আৰু আমাৰ বাবে মানৱ সভ্যতাৰ কি ক্ষতি ! 
সেই খবৰ আমি নাৰাখোঁ
আমি পাব্লিক ! 
আমি মূৰ্খ, আমি গাধ ! আমি বুৰ্বক !

মূল কবি: দুৰ্গা বেৰা
অনুবাদক: ফাৰুক হুছেইন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)