পানী মেটেকাৰ ফুল-ডিম্পী শইকীয়া

©Admin
0
 সিহঁতবোৰ আহিব! আকৌ গুছি  যাব,
কেঁচা মঙহবোৰ জীয়াই জীয়াই
অৰ্থহীন কৰি তুলিব...।
দিনত মুখা পিন্ধা ভদ্ৰৰ,
সেই ৰাতিবোৰত মুখাবোৰ খোল খাব।
তেতিয়া সমাজে ক'ব.......
সিহঁতৰ দোষ নাই,
দোষ এই এমুঠি ভাতৰ বাবে হাহাকাৰ কৰি থকা কণমানিটো আৰু তাৰ মাকৰ ।
কোনে কান্দিব সিহঁতৰ দুখত ,
কোনে দিব এষাৰ মাত.....?
নাই কোনেও নিদিয়ে ।
কাৰণ ফুলি থকা ধনৰ মোনাটো !
বৰ বৰ নেতা, বৰ বৰ বিষয়াও,
সেই ৰাতিবোৰত মাতাল হৈ পৰিব ।
মাথো নিস্তব্ধ হৈ ৰব.....
ৰাস্তাৰ কাষত পৰি থকা মানুহজনী,
চকুহাল সেমেকিব আৰু
শৰীৰটো হৈ পৰিব কংকাল ।
চাৰিওফালে পোৱা যাব,
দামী বিলাতী মদৰ গোন্ধ ।
আকৌ সুৰুজৰ কিৰণত,
সিহঁতবোৰ হৈ পৰিব.....
পানী মেটেকাৰ ফুল...।
                         
                    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)