শিহৰণ-অনন্ত কুমাৰ ভূঞা

©Admin
0
যৌৱনৰ অবুজ সময়ত
শিহৰণ জাগিছিল
আবেগত নাচি উঠিছিল মন।
মই অভিশপ্ত নহয় 
বিবেকহীন পুৰুষো নহয়
কামোদ্দিপ্ত আচৰণ স্বভাৱত নাই  ।
গৰ্হিত বৰ্জ্জিত 
মানসিকতাই আমনি নকৰে 
শৰণাপন্ন হোৱা নাই স্খলন ভাৱত। 
অধম পুৰুষ নহয় বাবে
আসুৰিক কামনাৰে 
অৱক্ষয় কৰিব নোৱাৰো সমাজ ।
জীৱন সংযমৰ মন্ত্ৰ শিকিছোঁ‌ 
সবল মন্ত্ৰৰে গঢ়িছো প্ৰতি ক্ষণ 
ব্যভিচাৰী যৌৱনক আশ্ৰয় দিয়া নাই ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)