ঋতুৰাজ বসন্ত- নৱজিৎ নাথ

©Admin
0
ঋতুৰাজ বসন্তৰ আগমনত, 
ফাগুনে নাঙঠ কৰা 
বিৰিখ ডালত মেলিলে 
ন-কুঁহিপাতৰ গজালি। 
পুৱাৰ হেঙুলীয়া ৰ'দালীয়ে
 নৱ ৰূপে সজালে ধৰণী।।
 
 বাৰটি মাহে বাৰটি সুৰত ,
 বিমুগ্ধ নকৰা কুলি জনীৰ 
 মৌসনা মাতৰ পৰশত, 
 বসন্তৰ মধুৰ গীতৰ সুৰত 
 হদয়ত জীপাল কৰে ব'হাগৰ বতৰা।।
 
কপৌ, নাহৰ তগৰৰ
আলফুলীয়া সোনাৰু পাহিৰ
 ৰমক জমকত নৈ দাঁতিত 
   হালি জালি থকা
  কহুৱা বিৰিণা নাচোনত,
  বসুন্ধৰাৰ প্ৰেমৰ শব্দৰ 
  গুঞ্জনত ভৰি পৰে কবিতাৰ চন্দ্ৰ।
   মেঘাছন্ন আকাশত প্ৰাণোছন্ন 
   মৰম শিহৰণৰে প্ৰকৃতি লৈ যাচিলো চুমা।। 
   
নৱ বসন্তৰ বা লগাই, 
বৰদৈচিলা মাকৰ ঘৰলৈ 
যোৱাৰ প্ৰাকক্ষনত প্ৰকৃতি হৈ পৰে 
আশাৰ যৌৱনৰ প্ৰাপ্তি।
বোৱাই আনে পৃথিৱীলৈ 
অনাবিল আনন্দ আৰু
 শান্তিৰ মধুৰ নিজৰা।। 

ৰাংঢালি নাচনীৰ নাচোনত ,
মুগা ৰিহা ধাৰণত,
আইয়ে দিয়া বিহুৱান খনত, 
কান্ধত ঢোল আৰু হাতত পেঁপাটি 
মন উলাহতে আহঁতৰ তলত 
বিহু গীতৰ সুৰত ,
চেনাই লৈ বুলি 
অপেক্ষাৰে বিহুতে হও মগন।। 

বসন্তৰ সেউজীয়া আৱৰনত, 
নতুন সৃষ্টিৰ অনুৰনত, 
আশাৰ প্ৰতিশ্ৰুতিৰ বতৰাৰে ,
প্ৰকৃতি প্ৰতিটো উপাদানে
 দি যায় একাঁজলি মৰম। 
 বসন্ত সদায় আপোন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)