আজি মোৰ মৃত্যু হ'ল-ৰিমাশ্ৰী কোচ ৰাজবংশী

©Admin
0
কাৰোবাৰ কোমল হাতৰ পৰশত ,মৰম নামৰ সাগৰখনিত উটি-ভাহি গৈ আছিলোঁ ।
অশান্ত সাগৰৰ বুকুত বহু আশা লৈ যাত্ৰা আৰম্ভ কৰিছিলোঁ।
কিন্তু, সময়ৰ সোঁতত সকলো সলনি হ'ব ধৰিলে ।
মৰম নামৰ সাগৰখনে এতিয়া বিষাদৰ নাম পালে।
সম্পৰ্কবোৰো সাগৰতে জাহ গ'ল।
ৰৈ গ'লো কেৱল মই ,বুকুত এসোপা বিৰহৰ টোপোলা লৈ।
আশাবোৰ আশা হৈয়ে ৰ'ল,
সপোনবোৰো সপোন হৈয়ে ৰ'ল।
সময়বোৰ বৈ গ'ল , কোনোবা অচিন সাগৰলৈ ।

কিন্তু , আজি এই সাগৰৰ প্ৰচণ্ড চাকনৈয়াত মোৰ মৃত্যু হ'ল।
পাৰিলে চাই আহিবা গৈ চোন মোৰ সমাধিস্থল ।
বৰ শান্তিত আছোঁ অ'  নিৰ্জন,নিশব্দ আৰু নিঃসংগতাৰ লগত ।

আজি মোৰ মৃত্যু হ'ল ।

                 ✍🏻ৰিমাশ্ৰী কোচ-ৰাজবংশী
                     দশম শ্ৰেণী
                     ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)