দর্শন-নৱজিৎ নাথ

©Admin
0
হে" দৰ্শন" তোমাক কৰিছোঁ
আমি শতকৌটি প্ৰণাম।
তোমাৰ অবিহনে সমগ্ৰ
জীৱ আৰু জড় জগত
সদায় শূণ্য।
চৌদিশে কেৱল মাথোঁ ,
তোমাৰেই আলোচ্য বিষয়।।

তুমি হ'লা,
 জগতৰ সত্যৰ দৰ্শন
তত্ত্বৰ তথা আত্মাৰ এক দৰ্শন।
তুমি হ'লা নিত্য শাশ্বত ।
জগত জীৱনৰ স্বৰূপ ৰেখা ।।
ভাৰতীয় দৰ্শনত তোমাৰ অৰ্থ হ'ল 
জ্ঞানৰ প্ৰতি থকা অনুৰাগ।।

 ভাৰতীয় দৰ্শন তোমাৰ
শাখা আঠোটা ভাগত বিভক্ত।।
ৰ্চাবাক ,বৌদ্ধ, জৈন হ'ল 
এয়া নাস্তিক দৰ্শন।
বেদৰ বাণী নকৰে বিশ্বাস ।
আনহাতে ,সাংখ্য ,যোগ, ন্যায়, 
বৈশিষ্ট্য, মীমাংসা আৰু 
বেদান্ত হ'ল ষড়দৰ্শন আস্তিক দৰ্শন।।
যি বেদৰ বাণীৰ ওপৰত  নিৰ্ভৰশীল।

 ভাৰতীয় দৰ্শন তোমাৰ শ্ৰেণী
  তিনিটা ভাগত বিভক্ত
  অধিবিদ্যা, নীতি বিদ্যা
  আৰু জ্ঞানবিদ্যা।।
 ভাৰতীয় দৰ্শনত মৌক্ষ
  তোমাৰ পৰম পুৰুষাৰ্থ।।
     অবিদ্যা আৰু বন্ধন
  জীৱৰ মুক্তি মূল কাৰণ মাথোঁ।
  এয়াই তোমাৰ জগতত বিষয়।।
  
ভাৰতীয় দৰ্শনত‌ তোমাৰ মূল উৎস 
বেদ আৰু উপনিষদ আৰু গীতা। 
একেলগে কোৱা হয় প্ৰস্থান ত্ৰয়ী।।
   ভাৰতীয় দৰ্শনত মোক্ষ 
লাভৰ ৰ্মাগ তিনিটা হ'ল 
কৰ্ম ,জ্ঞান আৰু ভক্তি মাৰ্গ ।।
ভাৰতীয় দৰ্শনত তোমাৰ গুণ
তিনিটা ভাগত আছে বিভক্ত
 সত্ব, ৰজ, আৰু তম গুণ।


🔴নৱজিৎ নাথ
ছিপাঝাৰ, দৰং।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)