মই আছোঁ- আব্দুৰ ৰহিম

©Admin
0
যেনে তেনে আছোঁ চাৰে ঘাৰে

বুকুত এবুকু আশা লৈ

মোক বিচাৰি আহিছা

অথচ ......

মই আছোঁ

অৰঙে দৰঙে যত বোকা মাটি ঘাম

বোমা বিধ্বস্ত আফগানিস্তান শ্ৰীলংকা টো যদি
 শুনা নৱজাত শিশুৰ ক্রন্দন

মই তাতো আছোঁ

চৰাইপুং লক্ষী পথাৰ কিম্বা

কোনোবা চিৰিয়াখানা টো যদি গুলী ফুটিছে

কিম্বা কাৰোবাৰ তেজৰ ফাকুঁৰে ৷

কোকৰাঝাৰ , বাহবাৰি, তামুলপুৰ

ৰতনপুৰৰ তেজৰ নদীৰ ঢল বোৱা দেখিছা

তাতো মই আছোঁ

ভাৱ লেশ হীন নৱজাতকৰ দৰে

মুক বধিৰ কথা ফুল গান জুইৰ মিশ্ৰিত

সংঘাতৰ দৰে;

মই যেন

কৃত্ৰিম

ধ্বংস স্তুপত লহ পহ কৈ বাঢ়ি অহা গাভৰু ধান ।

ৰাজহুৱা কেলেংকাৰিৰ ফাইলেৰে ঠাহ খাই থকা

চকু চাত মৰাৰ

কৃত্ৰিম মূগা বুলীয়া জপাৰ মাজতো

মই আছোঁ । 

আমলাৰ দালালৰ প্ৰতিশ্ৰুতি ৰ

পটভূমিত মই আছোঁ

মই আছোঁ

ৰোদে পোৰা জুইয়ে পোৰা ভোকে পোৰা

গাঁৱৰ স্কুলীয়া লৰা ছোৱালী ৰনুৱা বনুৱাৰ

হাই উৰুমিৰ মাজত কিম্বা

দিনৰ দিনটো অইদাহে বৈদাহে দিহিং এ দিপাঙে

উদ্দেশ্য বিহীন ভাৱে ঘূৰি ফুৰা

সন্ধিয়াৰ টিভি প্ৰেমী নতুন পুৰুষৰ মাজত কিম্বা

সুৰা পান ধূম্ৰপান এৰে বেসুৰা সুৰীয়া হোৱা

বিপ্লৱৰ পৰিকল্পনাৰ মাজত

কিম্বা

আজো ককাৰ সাধু কথাৰ মাজত কিম্বা.....

এটা নীল বৰণীয়া চৰাই উৰে

উৰি যায় আৰু উৰে

তোমাৰ তাম বৰণীয়া চকুৱে ঘূৰি ঘূৰি ধৰিব নোৱাৰে

মাথোঁ ঘূৰে। 

তোমালোকে লৰাহতক লগ পালে সুধিব

বগী জামুৰ সোৱাদ কেনেকুৱা?

জহা ধানৰ সোৱাদ কেনেকুৱা?

তলৰ গানটো উচ্চ স্বৰে গাবা
" আকাসেতে চন্দ্ৰ নাইকা তাৰাই কেমন জ্বলে

যিটো দেছে মনুচ নাইৰে দেশ খান কেমন্ চলে

সখি অ মই দেচ গঢ়িবা যাং হে... "

মই হয়তো তাতো আছোঁ

সম্ভাৱনা হৈ

প্ৰতিশ্ৰুতি হৈ ......।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)