তুমি-পিংকী শৰ্মা

©Admin
0
জোনজ্বলা  আকাশৰ তুমি মোৰ কল্পনা,
তৰা ভৰা সপোনৰ সীমাহীন বাসনা..
বসন্তৰ বিৰিখৰ তুমি জীয়া প্ৰাণ,
উজাগৰী নিশা ৰচা
তুমি ৰঙে ধোৱা গান..
তুমি স্বপ্ন, তুমি আৱেগ
তুমি মোৰ জীৱনৰ সেন্দুৰীয়া বেশ,
চঞ্চল দুচকুৰ সীমা তুমি,
সেউজীয়া ধৰণীৰ উশাহ তুমি,
তুমি আৱেগ হৈ ৰোৱা প্ৰতিপল,
ম‌ই সুৰ হৈ জীয়াই আজীৱন।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)