কেনেকৈ থাকো মই তোমাৰ অবিহনে
তুমি বিহীন জীৱনটো যে কিমান কষ্টকৰ,
জানানে তুমি...
তুমি মোক যেতিয়াই এৰি গʼলা
তেতিয়াৰে পৰা এই সমাজখনে চলাইছে মোৰ ওপৰত নিৰ্যাতন।
আৰু কি জানা?
অন্ধবিশ্বাসৰ বলী হৈ,
তোমাৰ মৃত্যুৰ বাবেও মোকেই জগৰীয়া কৰিছে
তুমি কিয় মোক অকলে এৰি গʼলা,
কেনেকৈ যুজোঁ মই এই সমাজখনৰ লগত,
কিয় মোৰ জীৱনটো উকা কৰি গʼলা?
এই সমাজে বান্ধি দিয়া নীতি নিয়মৰ বাবে
আজি মই মোৰ সপোনবোৰকো ৰাখিছোঁ বন্দী কৰি,
এটা লোৰ সজাত বন্দী চৰাই দৰে।
এনেকৈ আৰু কিমান দিন থাকোঁ মই
কিয় মোক ইমান কষ্ট দিছে এই সমাজখনে?
জানা তুমি...
এই সমাজে মোক দেখিলে ঘৃণাৰ দৃষ্টিৰে চাই
মোক কলংকিনী বুলি হাঁহে।
তুমিয়ে কোৱা মোৰ ভুল ক'ত...
নাজানো কিয় ইমান নিকৃষ্ট এই সমাজ,
সঁচাকৈ এই সমাজখন ইমান ফোপোলা
ইয়াত আন্তৰিকতা, সহানুভূতি,মানৱতাবোধ বুলি একোৱেই নাই ।
কেতিয়াবা মন যায় জানা...
চিঞৰি চিঞৰি প্ৰতিবাদ কৰিবলৈ
কিন্তু...
প্ৰতিবাদৰ ভাষাবোৰ দেখোন হেৰাই যায়
মোৰ ভাষাৰ ভাণ্ডাৰৰ পৰা
ধাৰাসাৰে বৈ আহিব খোজা অশ্ৰুৰ টোপালবোৰ
হঠাৎ স্তব্ধ হৈ ৰয়,
হয়তো লাজ পাই...
নিলাজ সমাজখনৰ আগত উদঙাই দিবলৈ মোৰ মৌনতাৰ ভাষাবোৰ।
কিয় নুবুজে এই সমাজখনে...
তোমাক হেৰুৱা বেদনাই মোক কিমান কষ্ট দিছে
কিয় ইমান নিকৃষ্ট এই সমাজ?
কিয় অন্ধবিশ্বাসৰ বলী হৈ মোক ইমান কষ্ট দিছে?
কিয় মোক কলংকিনী সজাইছে?
নোৱাৰিছো আৰু এই সমাজখনৰ লগত যুঁজিব
ভাগৰি পৰিছো...
তুমি আহাচোন আকৌ...
তুমি বুজাই দিয়াহি এই ফোপোলা সমাজখনক
মোৰ ওপৰত জাপি দিয়া ধাৰণা ভূল বুলি,
আহা না তুমি ..
মোৰ উকা হৈ ৰোৱা জীৱনটোক ৰঙীন কৰি তুলাহি।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ