অপেক্ষাৰো অন্ত থাকে-সীমা ৰবিদাস

©Admin
0
তুমি নহা বাটত অপেক্ষা তুমি,
তুমি যে আহিবা বুলি কৈছিলা আছে নে বাৰু মনত তোমাৰ।
তুমি জোনাক হৈ অহাৰ কথা আছিল
ম‌ই অপেক্ষাত আছিলো তোমাৰ জোনাকী হোৱাৰ ।
তুমি যে কৈছিলা বৰষুণ হৈ আহিবা বুলি,
জীপাল কৰিবা  চোতালখন মোৰ শুষ্ক হিয়াৰ।।
ফাগুনৰ সৰাপাত হৈয়ো অহাৰ কথা আছিল ,
তোমাৰ বাসনাত আৱদ্ধ মোৰ ৰাঙলী হৃদয়ত ফুলা পলাশৰ সৈতে সখী পতাৰ।
শৰতৰ পূৰ্ণিমাৰ নিশা তুমি অহাৰ কথা আছিল,
এন্ধাৰত বিলীন মোৰ নিৰস জীৱনত পোহৰ বিলোৱাৰ।
তুমি এচাটি মলয়া হৈ আহিবা বুলি কৈছিলা,
মোৰ ক্ষুদ্ৰ হৃদয়ৰ ধূসৰতাবোৰ আঁতৰাই নিবলৈ ।
শুভ্ৰ হৃদয়ক মোৰ তোমাৰ চেনেহৰ উষ্মৰে ,
উমাল কৰিবা বুলি কৈছিলা।
তুমি বসন্ত হৈ অহাৰ কথাও আছিল,
মোৰ জীৱনৰ মৰহা ফুলপাহ জীপাল কৰিবলৈ।
কিন্তু জানা...অপেক্ষাৰো অন্ত থাকে!
নোপোৱাকৈয়ে হেৰুৱা হয় কিছুমান সম্পৰ্ক।
ভাল লগা বোৰ হয়তো সদায় ভাল লগা হৈ নাথাকে,
লাহে লাহে সকলো পাহৰি যোৱা হয়।
তুমি হয়তো থাকিব পাৰা আজিও মোৰ হৃদয়ৰ কোনোবা নিভাজ কোণত।
অপেক্ষাৰ কিন্তু অন্ত পৰিল..।
এতিয়া মোৰ অমানিশা ৰাতিবোৰে তোমাৰ জোনাক নিবিচাৰে।।


  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)