হ'ব নোৱাৰিব পাৰে
দ্ৰৌপদীৰ নিচিনা ,
নাথাকিব পাৰে
সীতাৰ দৰে সতীত্বতা
কিন্তু আছে যে
পুৰুষত্বৰ দৰে স্বাভিমান ।
কোনোৱে যে কয় চৰিত্ৰহীনা তাই
কোনোৱে যে কয় তাই কলংকিনী
কিন্তু কাৰ বাবে ?
সমাজে, পৰিস্থিতিয়ে যে
মোহাৰি পেলায়
মৰম-স্নেহৰ দৰে
কোমল অনুভৱ বোৰ
বাৰে বাৰে
সেয়া জানো উচিত ।
নাৰীৰ কি
হাবিয়াস নাথাকে !
নে মহাভাৰত , ৰামায়ণৰ দৰে
শোষণৰ বলী হ'ব লাগিব ?
প্ৰতিদিনে যেতিয়া কাঢ়ি লৈ যায়
মানৱ ৰূপী দানৱবোৰে
স্বপ্নাতুৰ হাবিয়াস বোৰ
আৰু আজুৰি অনা
স্বাধীনতা বোৰ ।
কেতিয়াবা মৌনতা
কেতিয়াবা কোলাহলৰ দোমোজাত
পাৰ কৰিব লগা হয়
নিৰ্যাতিত সময়বোৰ
কিয় বাৰু ?
এই যে নাৰী আধুনিকতা
✍️যদুমণি দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ