আমি ক্ষুদ্ৰ মানুহ - গীতাঞ্জলি বৰ্মন ডেকা

©Admin
0
আমি ক্ষুদ্ৰ মানুহ
ক্ষুদ্ৰ আমাৰ মন
ক্ষুদ্ৰ আমাৰ পণ
সুখো ক্ষুদ্ৰ
দুখো ক্ষুদ্ৰ
কিন্ত...
এখন আকাশৰ দৰে থাকে
আমাৰ অন্তৰাত্মাত 
সমাজ প্ৰিয়ৰ স্থান...।

চকুপানীৱেও নাপাই ঢুকি‍
চিন্তাত নাই মগজু
কেৱলমাত্ৰ দেখোঁ
কাম কাম কাম
দেহত নাই জিৰণি !

বৰ বৰ মানুহে
সৰুৰ কথা নাভাবে
দেখিলে ইকাতি সিকাতি কৰে
আমি নহ'লে
এদিনো সিহঁতে
চলিবকে নোৱাৰে।

আমাৰ লগত ভাত খালে
সন্মান যায় বুলি
বুদ্ধিৰ সুৰুঙাৰে
আগ-পিছ কৰি
যায় লৰি ঢাপৰি।

হাই হাই হাই
কি ডাঙৰ মানুহ
আই-পিতাই
ভাই-ভনীৰ 
চিনেই দেখোন নাই
ক্ষুদ্ৰ মানুহৰ 
মৰম,দয়া,বিশ্বাস
সকলোতকৈ
ওপৰত পায়।

✍️গীতাঞ্জলি বৰ্মন ডেকা
ৰূপনগৰ গুৱাহাটী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)