শাহু-বোৱাৰী -ৰাজু বনিয়া

©Admin
0
বিবাহ পাশত আৱদ্ধ হোৱা প্ৰায় এবছৰ পাছতে মোৰ স্বামী ঢুকাইছিল৷তেওঁ মৃত্যু প্ৰায় দুমাহৰ পাছতে জন্ম হৈছিল মোৰ হেঁপাহ আৰু সপোনৰ জ্যোতি৷তাক লৈ মোৰ শাহুমা বহুত সুখী হৈছিল৷নতুন নাতি পাইছে ইয়াতকৈ আৰু মাক কি লাগে৷ডাঙৰটো পুতেকৰ নাতিটো চহৰতে থাকে৷মাজে সময়ে দেউতাকৰ সৈতে আহে৷খেতি কৰি গোটাই থোৱা ভঁৰালৰ ধান মুঠি বিচাৰি৷তাৰ বাহিৰে এনে নাহে৷তেতিয়া আহিলেও ভতিজাটো গালত মাক চুমা খাব নিদিয়ে৷কিয়নো মায়ে অনবৰতে মুখত তামোল এখন চুৱাই থাকে৷তথাপি দিয়কচোন!ইমান দিনৰ মূৰত আহে চুমা এটা দিলেনো কি হয়৷সেইটো ক’বলৈ গ’লেও চোঁচা মাৰি অহা ভয়ত মায়ে চুমা নিদিয়ে৷কিন্ত জ্যোতিক পোৱা দিন ধৰি মা ক’ৰবাত গ’লেও তাক এটা চুমা দি হে উলাই যায়৷কিয়নো তাক হেনো চুমা এটা নিদিলে মা হেনো দিনটোয়ে বেয়া হয়৷
         এওঁ ঢুকোৱা পৰা আমি বাৰীৰ শাকপাচলি,তামোল-পান আৰু ভঁৰালৰ ধান বেছিয়ে ঘৰখন চলাই আছোঁ৷তথাপি অভাৱ অনাটনৰ অনুভৱ কৰা নাছিলো৷আনকি স্বামীৰ মৃত্যু পাছত শাহুমায়ে এনেকৈ মৰম কৰিছিল৷তেওঁ নোহোৱা অনুভৱেই কৰিব দিয়া নাছিল৷কিন্ত এদিন তেওঁ মোক আৰু জ্যোতিক এৰি বহু দূৰলৈ গুচি গৈছিল৷যোৱা আগত এটা কথায়ে ক’লে “আই তই মোৰ একমাত্ৰ ছোৱালী আছিলি৷যিজনীয়ে পুত্ৰ হেৰুৱাৰ মাতৃ বেদনা তই মোক মৃত্যু শেষ উশাহলৈক অনুভৱ কৰিব দিয়া নাছিলি৷” 

✍️ৰাজু বনিয়া 
লখিমপুৰ,আমতলা
স্নাতক দ্বিতীয় ষাণ্মাসিকৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)