হেৰুৱা মৰম বিচাৰি-প্ৰিয়া বৰা

Rinku Rajowar
0
তুমি নুবুজা নে অকৰা ....তোমাৰ সেই
কথাটিয়ে মোৰ দেহৰ প্ৰবাহিত ৰক্তৰ মাজত
বাধা হৈ খুন্দা দিছে কুমলীয়া হৃদয়ত.....।
তুমি জানানে........?
আজি মোৰ হৃদয়খনে উচুপি উচুপি কান্দিছে
হয়তো সেইবাবে........।
সঁচাই তোমাক মই বুজিব নোৱাৰিলো
আৰু বুজিবলৈও চেষ্টা নকৰিলো
তোমাৰ হৃদয়ৰ নিভৃত কোণত থকা মৰমবোৰ
কিন্তু আজি......
আজি দেখোন হৃদয়খনে হাবাথুৰি খাইছে
সেই মৰমবোৰ বিছাৰি.....।
আকৌ আহিবানে তুমি.........?
সুধিবাহিনে সেই কথাটি পুনৰ এবাৰ .......?
আকৌ এবাৰ শুনিবাহিনে মোৰ কথাবোৰ.....?
জানা ,তোমাক কথা এটা ক'বৰ বাবে
বহু আশাৰে ৰৈ আছো তোমালৈ...
আকৌ আহিবা ন তুমি......?
শুনিবাহি মোৰ হিয়াৰ বতৰা ।
তুমি জানানে....?
তোমাক কোৱা সেই কথাবোৰে মোক এতিয়া
বৰকৈ আমনি কৰে ,
জানা,আজি মোৰ হৃদয়খনে বাৰে বাৰে 
তোমাকেই বিচাৰে......কেৱল তোমাক ।
হেৰুৱা মৰমবোৰ বিচাৰি আজি হৃদয়ে উচুপি উঠিছে
জানানে তুমি......?
তোমালৈ ৰৈ আছো......... 
 এবুকু হেপাহ লৈ,
এসাগৰ মৰম লৈ.....।

◾প্ৰিয়া বৰা,যোৰহাট
         অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)