জ্বালামুখী-নবীন চন্দ্ৰ মেধি

©Admin
0
অগ্নি যুগৰ ফিৰিঙতি মই
কৰিম যে খাণ্ডৱ দাহ 
বাৰে বাৰে প্ৰতাৰণা কৰিবলৈ
নকৰিবি মৰ সাহ।
আনৰ ধনেৰে গঢ় তই ৰাজপ্ৰাসাদ , 
দুখীয়া শ্ৰমিকৰ নাই অৱসাদ।
খাবলৈও নাপায় শুবলৈও নাপায় , 
তোৰ যে দয়া মমতা একো নাই।
আমাৰ এটি আঙুলিৰে তোক সজাও মহান নেতা ,
নেতা হোৱাৰ পিছতেই তই আমাক কিয় বেটা ? 
ভণ্ড নেতা তহঁতৰ যে
সমাজত নাই কাম , 
দান-দক্ষিণা বৰঙণি আগবঢ়াই ল'গৈ ৰাম নাম।
ইটোত লাগে ঘোচ
সিটোত হিতাধিকাৰী , 
এইবোৰেই কাৰবাৰ তহঁতৰ অধিকাৰী ? 
মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই ,
এই কথাষাৰ আমি জানো যে সদায় ।
আকৌ মাৰিম আঙুলিৰে টিপা
দিল্লী পাবগৈ তাৰে শিপা।



◾নবীন চন্দ্ৰ মেধি
সৰুপথাৰ , গোলাঘাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)