মোৰ অভিমান-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
মোৰ অভিমান সামৰি
বহীৰ উকা পৃষ্ঠাত
নীলা চিয়াঁহীৰে অনুভূতিৰ
ফুল আঁকিব খোজোতেই
তুমি আহিছিলা জোনাক হৈ
ডুব যাব খোজা মোৰ অভিমানক
ন কৈ সজীৱ কৰি জীয়াই ৰাখিবলৈ।
নিৰৱ হৈ থাকিবলৈ এৰিছো
জোনটোৰ সৈতে কথা পাতিবলৈ
একেবাৰেই পাহৰিছো জানা
কাৰণ এতিয়া তোমাৰ স’তে
অভিমান কৰি একাত্ম হ'ব ধৰিছো
তুমি বাৰু বুজিছানে
মোৰ অভিমানী মনত
নতুন সপোনে পাহি মেলিছে
দেখিছানে বাৰু মোৰ
হালধীয়া সোণাৰু হাঁহি
অনুধাৱন কৰিছানে তুমি
মোৰ উন্মাদনা...... 
তোমাৰতো প্ৰিয় নহয় জানো।
তুমিতো মোৰ বাবে এটি
মৌ মিঠা সুৰৰ গীত
যি সুৰৰ ধ্বনিত জোৱাৰ উঠে
মোৰ অভিমানী হিয়াত
আৰু মোৰ অভিমান জিলিকি থাকে
তোমাৰ বাবে.....।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)