তুমি যদি-যিচু শংকৰ দাস

©Admin
0
তুমি যদি ফাগুন হোৱা,
মই ফুলিম দিয়া 
ৰঙাতকৈও ৰঙাকৈ 
তোমাৰ বুকুৰ পথাৰৰ ওখতকৈও ওখ গছজোপাত পলাশ, শিমলু হৈ।
তুমি যদি
প্ৰেম দুনীয়াৰ এটা syllabus
পঢ়িম তোমাক দিন ৰাত
লিখিম তোমাক examত 
তোমাৰ Definition, তোমাৰ concept.
হৃদয় ৰাছিয়াৰ যুদ্ধৰ ম‌ই এজন সৈনিক,
তোমাৰ নামত শ্বহীদ।
তথাপিও ম‌ই অসমৰ্থ, অসহায়।
নোৱাৰোঁ লিখিব ম‌ই তোমাৰ নামত Divine comedy 
ম‌ই সাহিত্যৰ অ, আ, ক,খ নুবুজো। 
নোৱাৰোঁ বনাব তোমাৰ নামত তাজমহল, নোৱাৰিলোঁ হ'ব ম‌ই ছাহজাহান।
তথাপিও পাৰিম দিয়া 
বুকুত সাঁচতীয়া গোটেইখিনি মৰম
চুচি বাছি দিবলে।।

  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)