চাকিটো জ্বলি থাকিব দিয়া-আব্দুৰ ৰহিম

©Admin
0
চাকিটো জ্বলি থাকিব দিয়া

দুখৰ বোজাটো যেনেকৈ য’ত মন যায় কলিজাত থোৱা

কোনে কোনে পাৰে চাকিৰ পোহৰত দুঃখবোৰ
গলি গলি নিঃশেষ হ'ব পাৰে

কান্দিলে নিঃশেষ হ'ব পাৰে কলিজাৰ সাঁচি থোৱা

দুখৰ ক্ৰন্দন


দুখেও এতিয়া উচুপিব পাৰে

দুখ হেৰুওৱাৰ ব্যথাত।

চাকিটো জ্বলি থাকিব দিয়া

হেৰুওৱা সপোনটো তাতেই

উথলি উঠিব পাৰে

ফেনিল সমুদ্ৰৰ ডকা চাকনৈয়াতো

অবিনাশী হ'ব পাৰে

তুমি জ্বলোৱা চাকিটো।

যাৰ যি মন যায় লৈ যাব দিয়া

এৱৰা সুখ আৰু এৱৰা দুখৰ অৰ্জনেইতো

চাকিটোৰ উদ্দেশ্য

চাকিটো জ্বলি থাকিব দিয়া

দুখ-বেদনাৰ বোজাটো যেনেকৈ য’ত মন যায়

কলিজাত থোৱা

দুহাত মেলি আঙুলিৰে অনুভৱ কৰা

চাকিৰ উমৰ আমেজ।




Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)