ক'ত থাকে বাৰু সপোন ?
চকু মুদি দেখি থাকো
চকু মেলি বিচাৰি ফুৰো
চাংঘৰৰ ওপৰত পঢ়িছো
সপোনৰ পাতনি অ-আ
তুলাৰ কোমল গাৰু সিপাৰে
টোপনিৰ চিলমিল আঁৰত থাকেনে ?
পিতাই নাই । আইক সপোনত কৈছিল- মাছৰ সোৱাদ ইলিছ ; জোৱাঁই সোৱাদ পুলিচ
ফাঁকি নিদিয়ে চকু যোৰে
সপোন নেদেখে চকু যোৰে
সপোনৰ চকু অন্তৰৰ তলি
খিৰিকীৰে জুমি চালে নেদেখি
মোৰ সপোন বোৰ তুমি পঢ়িছা
তোমাৰবোৰ মই পাত পাতকৈ
ৰাতিৰ প্ৰহৰে প্ৰহৰে।।
✍️যদুমণি গগৈ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ