তোমালৈ মনত পৰে-জয়শ্ৰী হাতীমুৰিয়া

©Admin
0
কিয় নাজানো মনত পৰে ঘনে ঘনে তোমালৈ।
বুকু জ্বলে-পুৰে 
লাহে লাহে তোমালৈ।।
কিয় আহা,কিয় আঁতৰি যোৱা
সপোনতে আহি মৰম দি
চুমা যাচি..
কিয় নাজানো মনত পৰে তোমালৈ।
আহাঁ না এবাৰ সাবতি লোৱা
দুবাহুৰ তোমাৰ বুকুৰ মাজত।।
চেঁচা চেঁচা বতাহজাকে 
মনত পেলাই তোমালৈ।
দুচক জপালে কিয় আহি মোক আমনি কৰা?
দুচকু মেলিলেই মৰীচিকা যেন লাগে ।
কিয় নাজানো মনত পৰে 
ঘনে ঘনে তোমালৈ।।

  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)