সোৱণশিৰি কনেঙৰ
তৰাপাতত লিখা কবিতা,
চেনাই লৈ বুলি একাঁজলি মৰম
হৃদয়ৰ...........!
সংগোপনে হেঁপাহবোৰ জাগি উঠে
ৰঙীন মদাৰ,সুগন্ধি পলাশ
শিমলু ফুলৰ অগা-দুৱা,
বাটত ধুলিচাৎ খোজ বোৰৰ যে
অভাৱ নাই ফাগুনিহঁতৰ উল্লাহত..।
ৰঙীন পোচাক,সুগন্ধি হাঁহি
চেনাই যে তাত নাই ঢোলৰ চাপৰ গুম-গুমনি,
নাচনিহঁতৰ বুকুত ধপ-ধপনি
ফুটি উঠিছে ফাগুনৰ
অস্পষ্ট ঢোলৰ মাত।
জীৱন যৌৱনে তেজৰ শিৰে-শিৰে
দুচকুৰ আঁৰে-আঁৰে
কেঁচা মাটিৰ সুগন্ধি,
নৈ কাষত সেইজনি ফাগুনি
প্ৰেয়সী যেন মিৰি জীয়ৰী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ