অনুভৱ কৰোঁ অভিমান কৰি-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
পাহৰি নাই যোৱা অ' দেউতা
অতীতৰ এলান্ধুবুলীয়া কথাবোৰ 
দুচকুৰ গভীৰতাত তোমাকেই
অনুভৱ কৰোঁ অভিমান কৰি
তোমাৰ আশীৰ্বাদতে জীৱনৰ
পদূলিটো সজাই তুলিছো ।
নিজকে মই বুলি পাহৰি যাওঁ
সকলো ৰুদ্ধ হোৱা যেন লাগে
তোমাৰ অনুপস্থিতিৰ অবিহনে
সন্মুখত যেন আন্ধাৰ দেখোঁ
দুটি নয়নৰ মালা সৰি পৰিলে।
অভিমানী হৃদয়খন অনুমতিত
কেতিয়াও উচুপি নুঠে দেউতা
তোমাৰ কথা মনত পৰিলে
ক'ব নোৱাৰাকৈ চকুলো বাগৰে।
ভগৱানে কিয় আমাক ইমান
দূৰত্ব আনি দিলে দেউতা
কি ভুল কৰিছিলোঁ আমি
ইচ্ছা কৰিলেও যে তোমাক
কাষত বিচাৰি নাপাওঁ 
স্মৃতিবোৰেই কেৱল থাকি গ'ল
জীৱন বাটত আঘাত দিবলৈ।
আকাশৰ তৰাটোৱে হাঁহিলে
জোনটোৱে লুকাভাকু খেলিলে
স্মৃতিবোৰে আমনি কৰি যায়,
তোমাৰ মৃত্যুৰ মূহুৰ্তৰ কথাবোৰে
মোক অৱশ কৰি পেলায়
সঁচাকৈ দেউতা তোমাকেই
অনুভৱ কৰোঁ অভিমান কৰি।

✍️দিপশিখা ৰাজকোঁৱৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)