আধৰুৱা সপোন-নিবেদিতা দাস কলিতা

©Admin
0
" দেউতা আজি তোমাৰ চাকৰি হ’ব বোলে?
আইতাই কৈছে নহয় আহোতে মোৰ কাৰণে মিঠাই আনিবা ।
" হ’ব দে সোণ আনিম ।
এটা দীঘল হুমুনিয়াহ কাঢ়ি পত্নীক ক'লে " আজি স্কুল খনৰ তালিকা ওলাব। কিমান বছৰ বিনা বেতনে শিক্ষকতা কৰিলোঁ।
"চাওঁ মোনাখন দিয়া মই আহিলোঁ" 
চাইকেল খন চলাই তেওঁ গ'ল।
উভতনিৰ সময়ত তেওঁৰ বুকুখন বিষাদেৰে ভৰি পৰিল। তথাপিও হাতত মিঠাইৰ টোপোলাটো  আৰু চকলেট লৈ ঘৰমুৱা হ'ল ।

🔴নিবেদিতা দাস কলিতা
নলবাৰী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)