ফাকুৱা- মধুমিতা গগৈ

©Admin
0
ফাগুনৰ পছোৱা বতাহ জাকে
মনে মনে আহি মোক কৈ গ'ল 
কাণে কাণে ৰঙা , নিলা ৰঙেৰে
সমনীয়াৰ লগত খেলো আহা এটি খেল ।

ফাকুৱাৰ ৰঙেৰে মনবোৰ কৰো আহা জীপাল 
শান্তি সাম্প্ৰীতিৰ আনন্দ বিলাই 
গঢ়ো আহা ভাতৃত্বৰ এনাজৰী ।

এই ফাকুৱাৰ ৰঙে
চাৰিওফালে কঢ়িয়াই আনে
ফাকুৱাৰ গীতৰ ধ্বনি ।

ৰঙা, নিলা সাতো ৰঙেৰে
হাঁহি স্ফুৰ্তি কৰি 
সকলোৱে মনবোৰ ৰঙেৰে
উপচাই তোলে ।

এই ফাগুন মাহৰ পূৰ্ণিমা তিথিৰ
হোলী উৎসৱে কঢ়িয়াই আনে 
ৰঙীন আশাৰ বতৰা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)