হাবাথুৰি খাই উচপ্ খাই উঠো
অভিমান মিহলি মোৰ কথাবোৰ
মাজনিশা বেছিকৈ ভোৰভোৰাও।
যন্ত্ৰণাবোৰ হৃদয়ত থোপ খাই
মামৰে ধৰিলে দেউতা.....
সময়ৰ পৰিৱৰ্তনত জীৱনৰ
চকৰি নুঘুৰে তোমাৰ অবিহনে
বিষাদৰ ধুমুহা হৃদয়ৰ মাজেৰে
ববলৈযে আৰম্ভ কৰিছিল
আজিও শেষ নোহোৱাকৈয়ে আছে।
ৰোমন্থন কৰোঁ তোমাৰ স্মৃতি
হৈ পৰো মৰম আকলুৱা
তোমাৰ প্ৰতি থকা বাসনাৰ বাবে
কেতিয়াবা প্ৰতিবাদ কৰিলে
ভীষণ বিষন্নতা সৃষ্টি হয় অন্তৰত
তোমাক হেৰুৱাব বিচৰা নাছিলোঁ
কিন্তু নিষ্ঠুৰ নিয়তিৰ আগত
তোমাক হেৰুৱাই দিলোঁ দেউতা
নিৰ্বিকাৰভাৱে আকাশলৈ চাই ৰও
অভিমানী কথাবোৰ মনতেই
সাঁচি থৈ উচুপি উঠি দিনবোৰ কটাও দেউতা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ