তুমি বিস্ময় প্ৰকৃতি
স্ৰস্তাৰ এক মোহময়ী প্ৰতিমূৰ্ত্তি
তুমি প্ৰকাশিত
কবিতাৰ ছন্দে ছন্দে
তুমি অতুলনীয় ভাস্কৰ্য্য
প্ৰেমৰ ৰন্ধ্ৰে ৰন্ধ্ৰে
তুমিয়ে চিৰ প্ৰবাহিত
লাস্যময়ী মন্দাকিনী
সৃষ্টিৰ ক্ষেত্ৰ তেজস্বিনী
তুমিয়ে মহিমাময়ী জননী
হে নাৰী
তুমি নীৰৱ নায়িকা
জীৱন লগৰী চিকমিক বিজুলী
জীৱন যুদ্ধৰ প্ৰথম প্ৰহৰী
ব্ৰহ্মা বাম বাহ্ৰুত সৃষ্টি
একান্ত পতিব্ৰতা মায়ামাতৃ
সৃষ্টি স্থিতি আধাৰ
গৌতমী সীতা সাবিত্ৰী
হে নাৰী
বস্ত্ৰ ৰূপ ধাৰণ কৃষ্ণ
তোমাৰে স্বামী
ত্ৰিজগত লয় প্ৰলয়ৰ
একচ্ছত্ৰী গৰাকী ।
তুমি মহিমাময়ী ভিন্নৰূপা
প্ৰেমময়ী জন্ম দাত্ৰী
দুৰ্গতি নাসিনী
মমতাময়ী আইমাতৃ
হে নাৰী
তোমাক অবলা ভাবি
এচাম বোন্দা মেকুৰী
অহৰ্নিশে লুলোপ দৃষ্টি
কেতিয়া নাৰীয়ে লভিব মুক্তি ?
হে নাৰী,
তুমি সৃষ্টিৰ আধাৰ
এক অক্ষয় বন্তি
নজহা - নপমা মহাজাগতিক
এক অজেয় শক্তি
হে নাৰী,
জগতে বিদিত
ভয়াৱহ নিৰাপত্তা হীনৰ আৰ্তনাদ
অবজ্ঞাৰে লাঞ্চিত বঞ্চিত
নিষ্পেষিত কত ঘাত-প্ৰতিঘাত
এক দিনত সন্মানিত
হে, মহোদয়া
নাৰী দিৱসৰ তাৎপৰ্য আৰাধি
পাদ্য-অঘ্য পুষ্প গোন্ধৰে আৰতি
যুগে যুগে ধৰণীত
নাৰী ৰহস্যময়ী ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ