শিৱসাগৰলৈ আহিবা ,
সাঁচতীয়া মৰমবোৰ মোক
হেঁপাহেৰে যাচিবা।
জাঁজী দলং পাৰ হৈ
আমাৰ জিলা পাবা ,
37 নং ঘাইপথেদি
পূবে আগুৱাই যাবা ।
গৌৰীসাগৰৰ নামদাঙৰ
শিলৰ সাঁকো দেখিবা ,
বৰ ৰজা ফুলেশ্বৰী দেৱীৰ
দ'লত সেৱা যাচিবা।
ভটিয়াপাৰত শৰাইঘাটৰ
যুদ্ধ স্মাৰক পাবা,
জয়মতী উদ্যান পাৰহৈ
আগুৱাই অলপ যাবা ।
ওচৰতে দেখিবা তুমি
ৰুদ্ৰসাগৰ পুখুৰী ,
জেৰেঙা পথাৰত শুনিবা তুমি
গৰখীয়াৰ সুহুৰি।
কৰা যদি জয়মতীৰ
জয়সাগৰ দশৰ্ন,
মাতৃ প্ৰেম দেখা পাবা
অনন্য নিদৰ্শন।
তলাতল ঘৰ চোৱাৰ হেঁপাহ
তোমাৰ বহুত পুৰণি ,
কাৰ্যকৌশল দেখিবা তুমি
বহুত শুৱনি।
দিখৌ নদীৰ ধ্বনি তুমি
এবাৰ শুনি চাবা ,
কপি কপি লগা সেতুৰ বিননি
তেতিয়াহে বুজি পাবা।
আজানপীৰৰ দৰগাহ তুমি
সৰাগুৰি চাপৰিত চাবা,
সৰল ৰূপত বিহু তুমি
ৰংঘৰতে পাবা ।
ৰংঘৰ , কাৰেংঘৰ চাই
আগুৱাই আহিবা ,
শিৱসাগৰৰ শিৱ দৌলত
সেৱা যাচিবা।
আছে আৰু বহুখিনি
প্ৰাচীন কীৰ্তিচিহ্ন,
কালক্ৰমত হোৱা নাই
এতিয়াও যি নিচিহ্ন।
✍️অন্তৰা আজৰা,
শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ