প্ৰতিযোগিতাত নামি পৰিছোঁ,
স্বাভিমানী হৈ দলিয়াই পেলাইছোঁ
দয়া, ক্ষমা, সততা।
সুন্দৰৰ সাধনা নালাগে
মুখত ভদ্ৰতাৰ মুখাখন হ'লে,
আভিজাত্যৰ অভিমানত গৰ্বিত
নহওঁ কেতিয়াও শংকিত।
গপ, ভেম আদি লগৰীয়া
ষ্টেটাচৰ পাছত দৌৰা,
ব্যস্ততাৰ অজুহাতত
দায়িত্ব সামৰা।
দৰিদ্ৰজনৰ নাই স্থান
এয়াই হৈছে মোৰ অভিমান,
সময় সলনি হৈছে নে
আমাৰ মনবোৰ?
সুৰুঙা পালেই পৰচৰ্চা
সুযোগ পালেই বাগীকুঠাৰ,
মানুহ হোৱাৰ সুবাদত
জীৱশ্ৰেষ্ঠৰ নাম পাওঁ।
নিজকে সলাবৰ সময় হ'ল
ভেদ-ভাৱ আঁতৰাই,
সম্প্ৰীতিৰ জৰীডাল সুদৃঢ় কৰি
আকৌ গাবৰ হ'ল নতুনৰ গান।
✍️প্ৰগতি গগৈ, চাংমাই
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ