ৰঙা বৰণীয়া ঠোঁট
জুমি জুমি চাওঁ আমি
দিনৰ ভাগত
লুকাই থকা পাতৰ আঁৰত ।
গীত গোৱা গছৰ ডালত
বসন্তৰ বতৰত
উৎসাহ যোগোৱা কবি হৃদয়ত
গভীৰ নিশাৰ ভাগত
টোপনি নাই তোমাৰ চকুত ।
তুমি কিনো গীত গোৱা
কবি সকলৰ প্ৰাণ কাঢ়ি লোৱা
ধৰালৈ প্ৰেম-প্ৰীতি বিলাই দিয়া
মৰম-চেনেহ কাঢ়ি নিয়া
যেন গভীৰ বেদনা যুক্ত তোমাৰ হিয়া।
হে কুলি তুমি বিহংগীনি
তুমি প্ৰেম দায়ীনি
কাৰ প্ৰেমৰ গীত গোৱা তুমি
তোমাৰ প্ৰেমৰ মাদকতাত
ভোল যাওঁ আমি ।
✍️এছ ইছলাম, শিক্ষক
পঃ মইনবৰী, বৰপেটা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ