মুখাৰ আঁৰৰ মুখখন দেখিলোঁ,
প্ৰতি পদতে প্ৰতাৰণা পালোঁ
হয়, মই মানুহ চিনিলোঁ।
মই মানুহ চিনিলোঁ
প্ৰেমৰ নামত সহানুভূতি পালোঁ,
বহুতৰ মাজত হেৰাই গ’লো
হয়,মই মানুহ চিনিলোঁ।
মই মানুহ চিনিলোঁ
অৰ্থলোভীৰ অৰ্থ লালসা দেখিলোঁ,
কামাতুৰৰ কামনাৰ বলি হ'লো
হয়,মই মানুহ চিনিলোঁ।
মই মানুহ চিনিলোঁ
স্বাৰ্থপৰৰ স্বাৰ্থপৰতা দেখিলোঁ,
সুপুৰুষ বুলি কাপুৰুষ পালোঁ
হয়,মই মানুহ চিনিলোঁ।
✍️সংযুক্তা বৰা,গোলাঘাট ।
BIRAT DUKH
ReplyDelete