প্ৰলয়-ৰজনী কুমাৰ ডেকা

©Admin
0
প্ৰলয়বোৰ কিয় আহে ?
বহু যুগৰ স্মৃতিবোৰ বিচূৰ্ণ কৰে 
আশাৰ বান্ধোনবোৰ খহি খহি পৰে৷
কাঁচিয়ালি ৰ’দত বহি অপেক্ষা 
কৰিছিলোঁ ,
চিগি যোৱা চিলাখনৰ উমান
নেপালোঁ।
তাৰ প্ৰত্যুত্তৰ বিচাৰি
আকাশলৈ সুধিছিলোঁ
সাগৰত তোমাৰ স্থান কি ?
তথাপিতো নেৰিলা সূক্ষ্ম পৰিহাৰ
এন্ধাৰত ৰচা জোনাকৰ সপোনবোৰ
ভগা কাঁচৰ টুকুৰা সৰাদি
ব্যৰ্থতাত সৰি সৰি পৰে ৷
কাণ্ডাৰিক সুধিলে জানো
পাম তোমাৰ পৰিকল্পনা কি?
বিচুৰ্তি জাগিছে মনত মোৰ 
আঁৰত নাই সমাহাৰ ৷
পৈশাচিকত ৰূপ ল’লে 
চাকনৈয়াৰ চানেকি ,
সেয়ে অতিথি প্ৰলয় তুমি
পৃথিৱীত তোমাৰ স্থিতি শূণ্যতা হোৱা
প্ৰলয় তুমি চিৰ মেলানি লোৱা ৷

✍️ৰজনী কুমাৰ ডেকা , ৰঙিয়া।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)