সত্ত্বা(অণুগল্প)-সুশান্ত দাস

©Admin
0
“ যা! যা! ভিক্ষাৰী, কিয় কিতাপৰ দোকানত সোমাইছ (?) ” 
      -বিক্ৰেতাৰ কুৎসা ৰটনা শুনি তাই নীৰৱে আঁতৰি গ’ল। বেনাৰ এখন দেখি তাই ঢপলিয়াই গৈছিল কিন্তু অদৃষ্টৰ বিদ্ৰুপ ভ্ৰুকুটি ! 

    শিক্ষিত মানুহৰ আৱৰণ পিন্ধি নাৰী সন্মানৰ প্ৰতীক বুলি জানিও বিনাদ্বিধাই তাইক আঁতৰাই পঠিয়ালে। 

        কাষতে ৰৈ থকা আৰক্ষীজনে তাকে দেখি তাইক বেনাৰত কি লিখা আছে বুলি সুধাত,
       তাই মনৰ মাজতে উচুপি উঠিল আৰু উদাত্ত কণ্ঠেৰে কৈ উঠিল,
- “আজি নাৰী দিৱস"

✍️সুশান্ত দাস, শিৱসাগৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)