কৈ দিয়া মনৰ কথা- অনন্ত কুমাৰ ভূঞা

©Admin
0
ক'বানে মনৰ কথা 
ব্যৰ্থ জীৱনৰ ভগ্ন অভিলাষ 
যি বাটেদি আহিছিলা
সেই বাট অচিনাকি হ'ল
সময়ে গৰকি গ'ল 
কিয় ভগাই নিদিয়া মনৰ কথা
যাঁচি দিয়া দুখৰ বোজা চিনাকি জনক 
ডাৱৰ ঘূৰিছে ছেদেলি-ভেদেলি হৈ
মেঘাচ্ছন্ন আকাশ হেৰাল 
অঘৰী হ'ল বৰষুণৰ জাক
মৰুৰ উদং বুকুত ফুলিব জানো ফুল
মৰুদ্যানত উপজিছে মৰম 
তুমিটো জানাই নদীৰ সোঁ‌তে কি বিচাৰে
কৈ দিয়া তোমাৰ অনুভৱ
কি দৰে জিৰণি লৈছে অনুভূতি 
হিয়াৰ ভাজত
কি দৰে আমনি দিছে মনৰ মাজত ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)