কবিতা কি? ইয়াৰ সংজ্ঞা দিয়াটো কঠিন যদিও পৃথিৱীৰ অনেক মনিষীয়ে নিজৰ নিজৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি অনেক সংজ্ঞা দি থৈ গৈছে। মেথিও আৰ্নল্ডৰ মতে"কবিতা জীৱন শিক্ষা"। যিহেতু কবিতা মানৱ জীৱনৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে। মানৱ জীৱনত সুখ-দুখ, হাঁহি-কান্দোন আৰু হা-হতাশা যদি নাথাকিলহেঁতেন তেতিয়া হয়তো কবিতাৰ সৃষ্টি নহ'লহেঁতেন। সাধাৰণতে ছন্দোবদ্ধ পদকেই কবিতা বুলিব পাৰি। ছন্দই কবিতাৰ প্ৰাণ। পৃথিৱীৰ প্ৰথম কবিতা ছন্দৰ বন্ধনতে ৰূপ পাইছিল। কবিৰ থাকিব লাগিব সৃজনী প্ৰতিভা(creative imagination) ই কবি প্ৰতিভাৰ এক শক্তি বিশেষ। কাৰ্লাইলৰ মতে কিছুমান বাচকবনীয়া শব্দৰ সুন্দৰ বিন্যাসেই কবিতা। (best words in the best order) । বিশ্বকবি ৰবীন্দ্ৰনাথে কৈছে, "পৃথিৱীৰ আদিম অৱস্থাত যেনেকৈ সকলোতে পানী আছিল তেনেকৈ সকলো ঠাইতে ছন্দতৰঙ্গিতা প্ৰভাৱশালিনী আছিল। "
কবিতা সৃষ্টিৰ মূল উৎস হ'ল গভীৰ বেদনাবোধ। পৃথিৱীত কবিতাৰ উৎপত্তি অতি প্ৰাচীন। পণ্ডিতসকলৰ মতে ভাৰতবৰ্ষত আৰ্য সভ্যতাৰ পটভূমিতে মহাকবি বাল্মিকীৰ মুখৰপৰা স্বতঃস্ফূর্ত ভাৱে নিঃসৃত"মা নিষাদ প্ৰতিস্থাং তমগমঃ শাস্বতী শমাঃ।যৎক্ৰৌঞ্চ মিথুনাদেক
মবধি কামমোহিতম্।।" এই কবিতা ফাঁকিকে ভাৰতীয় পণ্ডিতসকলে পৃথিৱীৰ প্ৰথম কবিতা আখ্যা দিয়ে। মহাকবি বাল্মিকী এটা সময়ত দুৰ্ধৰ্ষ ডকাইত আছিল। তেওঁ অনেক পাপ কাৰ্য কৰিছিল। ব্ৰহ্মা আৰু নাৰদৰ কথামতে তেওঁ সেই বৃত্তি সম্পূৰ্ণ ৰূপে পৰিত্যাগ কৰি কঠোৰ তপস্যাত নিমগ্ন হ'ল। বহুযুগ তপস্যা কৰাৰ ফলত তেওঁৰ শৰীৰ ঢাকি উঁই হাফলুৰে এটা পাহাৰ হ'ল। তেওঁক ব্ৰহ্মাই "মৰা মৰা"" জপ কৰিবলৈ কৈছিল বাবে সেইদৰে কৰোঁতে কৰোঁতে "মৰা মৰা" গুচি " ৰাম ,ৰাম" হৈ পৰিল। সময়ত ব্ৰহ্মা আহি তেওঁক হাফলুৰপৰা উদ্ধাৰ কৰিলে আৰু ৰামায়ণ লিখিবলৈ প্ৰৰোচিত কৰিলে। সেই দিনাৰ পৰা ডকাইত ৰত্নাকৰৰ ঠাইত বাল্মিকী হ'ল। বল্মিক মানে উঁইহাফলু। তেওঁৰ তপস্যা পূৰ্ণ হোৱাৰ পাচত নদীত স্নান কৰি উঠি, গছৰ ডালত চাকৈ চকোৱা(ক্ৰৌঞ্চ)চৰাই এহাল মৈথুনৰত অৱস্থাত দেখা পালে। সিহঁতৰ সেই পৰম আনন্দৰ মুহূর্তত কাল আঁউশী নমাই এজন ব্যাধে শৰ মাৰি সিহঁতৰ মতা চৰাইটোক মাটিত পেলাই দিলে। তেতিয়া মাইকী চৰাইজনীয়ে যি কৰুণ সুৰত বিননি জুৰিলে তাকে শুনি বাল্মিকীৰ মনত শোকৰ ফল্গুধাৰা বোৱাই আনিলে। তেওঁৰ মুখৰপৰা অতৰ্কিতে ওলাই আহিল সেইফাঁকি অমৰ কবিতা "মা নিষাদ প্ৰতিষ্ঠাং-----।পৃথিৱীৰ প্ৰথম কবিতা। তাৰ পাছতেই স্বপ্নদ্ৰষ্টা মহাকবিৰ কাপৰ পৰা নিগৰি নিগৰি জন্ম হ'ল বাল্মিকীৰ জীৱনৰ একমাত্র কাব্য, মহাকাব্য ৰামায়ণ, যিয়ে যুগে যুগে মানুহক সন্মোহিত কৰি ৰাখিছে আৰু ৰাখিব চিৰকাললৈ। ইয়াৰ ভাষাৰ লালিত্য, অপৰূপ ছন্দসজ্জা, শোক আৰু দুখৰ অন্তঃস্পৰ্শী বৰ্ণনা অতি অনুপম। সেয়েহে আজিও সীতাৰ কাহিনী শুনিলে বা দেখিলে মানুহৰ হৃদয়ত শোকৰ অগনি জ্বলে।
কাৰ্লাইলৰ মতে, কবিতা হ'ল musical thoughts, অৰ্থাৎ কবিতাত থাকিব লাগিব এটা সুৰৰ গুঞ্জন, সংগীতৰ অনুৰণন। ৱৰ্ডছওৱৰ্থৰ মতে, জীৱনৰ সত্য আৰু সৌন্দর্যৰ পৰিপ্ৰেক্ষিতত জীৱন উপলব্ধিৰ সমালোচনাই কবিতা। কবিতা সদায় সত্যৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াত অসত্যৰ স্থান নাই। কবিতাই মানুহক অসত্যৰ পৰা সত্যলৈ, তমসা অৰ্থাৎ অন্ধকাৰৰ পৰা পোহৰলৈ আৰু মৃত্যুৰ পৰা অমৃত্যুলৈ পথ দেখুৱাব পাৰে।
(আগলৈ )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ