ধৰ্ষিতা নাৰী-ৰিম্পী ভঁৰালী

©Admin
0
মোক কিয় তোমালোকে 
  চাইছা বেয়া দৃষ্টিৰে ?
ময়োতো তোমাৰ নিজ 
     মাতৃ ভগ্নীৰ দৰেই ।
   নাৰী বুলি কিয় তুমি 
        কৰিছা অত্যাচাৰ?
এবাৰ ভাবাচোন তুমি 
  তুমিতো মোৰেই সন্তান, 
এবাৰ ভাবাচোন ভালকৈ 
 তুমিতো মোৰেই ভাতৃ হয়।
কিয় বাৰু মোকেই বাৰে 
বাৰে কৰা অপমান?
কিয় বাৰু মোক অকলশৰে 
দেখি কৰা বস্ত্ৰ হৰণ?
এবাৰো নাহেনে  মনত
তোমাৰ শৈশৱৰ পল।
যাৰ পৰা দেখিলা তুমি 
স্বৰ্গসদৃশ মধুময় ধৰণী,
যাৰ দ্বাৰা তুমি খোজ 
পেলালা মূৰ তুলি ,
তেওঁকেই তুমি আজি 
   কৰিছা ধৰ্ষণ ,
তেওঁকেই কৰিছা সমাজৰ 
    মানসত কলুষিত ,
তেওঁকেই  নাম দিছা
 তুমি ধৰ্ষিতা নাৰী ।
জানানে, কিমান কষ্টকৰ 
       ধৰ্ষিতাৰ জীৱন, 
নোৱাৰে ওলাব তেওঁলোক 
   সমাজৰ আগত ।
    
✍ৰিম্পী ভঁৰালী 
     দশম শ্ৰেণী
 হাৰ্হি একাডেমি হাইস্কুল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)