নতুনৰ আগমণ-বাস্তৱ বৰুৱা

©Admin
0
নতুনক আকোঁৱালি লোৱা ..... 
লগতে আকোঁৱালি লোৱা মধুৰ অভিজ্ঞতা বোৰ।

সকলো খিনি একেই থাকিব,
আগৰ দৰেই জীৱনৰ এই যাত্ৰা অবিৰত থাকিব,
সলনি হʼব মাথোঁ মানুহৰ মুখবোৰ, সময়বোৰ.....

সময়......এক নিষ্ঠুৰ শব্দ
সময়ৰ লগত খোজ দিব পাৰিলেহে জীৱনত আগবাঢ়িব পাৰি,
সময়ে বহুতো শিকালে, 
বহুতো চিনাকি মুখ অচিনাকি হʼল,
অচিনাকি বহুতো আপোন হৈ ৰʼল।
মৰম কি? , ভালপোৱা কি ?
এইবোৰ সময়ে শিকালে......


নতুনৰ এই পোহৰে এক নতুন পথৰ সূচনা কৰে, 
স্মৃতিবোৰ বুকুত বান্ধি আমি এই পথতে আগবাঢ়িব লাগিব।


মৰম, ভালপোৱা,আৱেগ, অনুভূতিৰ মাজেৰেই জীৱনটো উপভোগ কৰিব লাগিব,
জীৱনৰ ৰঙীন ছবিখন অংকন কৰিব লাগিব....


          ✍🏻 বাস্তৱ বৰুৱা( নগাঁও )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)