ছোৱালী-সংযুক্তা বৰা

©Admin
0
ছোৱালী এজনীয়ে কি বিচাৰে কোনোবাই জানো ভাবি চাই, ছোৱালীজনীয়ে মাথোঁ বিচাৰে আপোন মানুহখিনিৰ লগত থকাটো,তেওঁলোক সদায় ভালে থকাটো, প্ৰিয়জনৰ লগত এখন সুন্দৰ সংসাৰ, নিজৰ ঘৰখন কেনেকৈ সপোনৰ ঘৰখন সাজিব পাৰি সেয়া ভাবে। ছোৱালীবোৰ টকা লুভীয়া নহয়, কিন্তু নিজৰ প্ৰয়োজনখিনি সকলোকে লাগে, ছোৱালী হওক বা ল'ৰা। ছোৱালী এজনীয়ে যদি মাক বাপেকৰ কথা পেলাব নোৱাৰি, তেওঁলোকৰ কথা ম'তে অচিনাকি মানুহ এজনৰ লগত বিয়া হৈ গুচি যায়,তেতিয়া মানুহে ক'ব, সেইজনী টকাৰ লুভীয়া, তপা আংকলৰ লগত বিয়া হৈ গ'ল, আৰু যদি প্ৰিয়জনক এৰিব নোৱাৰি তেওঁৰ লগত গুচি আহে, তেতিয়া মানুহে ক'ব, এনেকুৱা ছোৱালী নোহোৱাই ভাল, মাক বাপেকৰ কথা এবাৰো নাভাবিলে আৰু যদি মাক বাপেকৰ কথা ভাৱি নিজে কিবা এটা কৰি মাক বাপেকৰ লগতে ঘৰখন চলাই আছে তেতিয়া মানুহে ক'ব, তাই ক'ত বিয়া হ'ব, তাই ভাল নহয়, তাই চৰিত্ৰদোষী  ইত্যাদি যিবোৰ মানুহে ছোৱালীৰ জীৱন সহজ বুলি ভাবি এই কথাবোৰ কয়, আশাকৰোঁ তেওঁলোকৰ ছোৱালী সন্তান হোৱাৰ পিছত কথাবোৰ বুজি পাব আৰু ছোৱালী সকল যি মন যায় তাকে কৰা কিন্তু সদায় ভাল চিন্তা কৰিবা যাতে সুখী হ'ব পাৰা। 

✍সংযুক্তা বৰা
     গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)