ফাগুন-মধুমিতা গগৈ

©Admin
0
ফাগুন আহিলেই মন ভৰে
পছোৱা বতাহ বয় 
গছ - পাত বোৰে 
হালি -জালি 
আনন্দত মতলীয়া হয়।
সেই ফাগুনৰ ৰিব্ ৰিব্
মলয়া বতাহজাকে 
আনি দিয়ে মোৰ
বুকুত প্ৰেমৰ বতৰা ।
ফাগুন আহিলেই
ফুলি উঠে শিমলু, পলাশ , মদাৰ
চাৰিওফালে বিয়পি পৰে
ফুলৰ সুগন্ধি সুবাস। 
ফাগুন আহিলেই ৰঙৰ উৎসৱ
ফাকুৱা আহি পৰে 
নানা ৰঙেৰে হাঁহি স্ফুৰ্তি কৰি 
সকলোৱে মন ভৰাই তোলে ।

✍️মধুমিতা গগৈ 
লক্ষিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)