অতীতৰ সোণোৱালী দিন-ৰিম্পী ভৰাঁলী

©Admin
0
অতীতৰ শৈশৱৰ কালছোৱা,
সেই পাৰ হৈ অহা 
সোণোৱালী দিনবোৰ,
অতীতত খেলা 
সৰু সৰু খেলবোৰ, 
অতীতত ঘটি যোৱা 
ঘটনাৰ স্মৃতিৰ চাপবোৰ,
আজিও উটি ভাঁহি ফুৰে
 হৃদয়ত মোৰ ।
অলপমান নিজানত 
সেই স্মৃতিবোৰে
মনৰ নিৰ্জনতা ভংগ কৰি 
খেলি ফুৰে,
মোৰ হৃদয়ৰ প্ৰতিটো কোণত ।
অতীতৰ মধুময় ৰ্স্বণ দিনবোৰ,
আকৌ যেন লগ পাম 
সেই ক্ষণবোৰ।
মন মোৰ আৱেগত উথলি উঠে 
অতীতৰ স্মৃতিবোৰে 
বৰকৈ আমনি কৰে ।
           
✍️ৰিম্পী ভৰাঁলী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)