ফাগুনৰ গান- নীল প্ৰজাপতি

©Admin
0
উৰুঙা উৰুঙা লগা আবেলি
ধুলিৰ ধুমুহা সামৰি
বহি ৰওঁ মই সোণজনী
সৰাপাতৰ আৰামী চকীত, 
প্ৰেমিক বসন্ত হৈ বৰষা চুমি! 
পৰে নে মনত সেই ফাগুনৰ গান
বৰ্ষামুখৰ শেষৰাতিৰ কুলিৰ টান? 
সাৱটি লওঁ বুকুৰ মাজতে
স্মৃতিৰে সজীৱ কৰি, 
পাৰ কৰা মহঙা প্ৰেমৰ 
পাহৰিব নোৱাৰা ফাগুনী আবেলি !

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)