অসমীয়া সাহিত্যত চৈয়দ আব্দুল মালিকৰ অৱদান-জনাৰ্দন তালুকদাৰ

©Admin
0
স্কুলীয়া শিক্ষা লাভ কৰি থকাৰ সময়ৰে পৰা চৈয়দ আব্দুল মালিকৰ ৰচনা-ৰাজি পঢ়ি তেওঁৰ সাহিত্যক কৃতিত্বৰ বিষয়ে উমান পাই আহিছিলোঁ। সাহিত্যৰ প্ৰতি থকা প্ৰেমৰ বাবে বিভিন্ন সাহিত্যিকৰ সৃষ্টিৰাজিৰ লগতে চৈয়দ আব্দুল মালিকৰ সাহিত্য পঢ়িও এক সুকীয়া মাদকতা লাভ কৰিছিলোঁ। ১৯১৯ চনৰ ১৫ জানুৱাৰীত জন্ম লাভ কৰা অসমীয়া সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ চৈয়দ আব্দুল মালিকৰ সাহিত্য সৃষ্টিৰ পৰিধি বহুব্যাপ্ত। সাহিত্য সৃষ্টিৰ বিশালতা আৰু বিভিন্নতাই তেওঁৰ প্ৰতিভাৰ অম্লান স্বাক্ষৰ বহন কৰে। কেৱল সংখ্যাৰ ফালৰ পৰাই মালিকৰ সাহিত্য বৃহৎ পৰিমাণৰ নহয়, গুণগত মানৰ ফালৰ পৰাও তেওঁৰ সাহিত্যৰাজি অনন্য অনুপম। অসমীয়া সাহিত্যৰ অন্যতম অপ্ৰতিদ্বন্দ্বী নায়ক চৈয়দ আব্দুল মালিকে গল্প, কবিতা, নাটক, প্ৰবন্ধ, উপন্যাস আদিকে ধৰি সাহিত্যৰ আটাইবোৰ দিশলৈ অনন্য অৱদান আগবঢ়াই থৈ গৈছে। 

      উপন্যাসিক হিচাপে দৃষ্টি নিক্ষেপ কৰিলে দেখা যায় যে চৈয়দ আব্দুল মালিকে ৫০ খনৰো অধিক উপন্যাস ৰচনা কৰি উপন্যাস সাহিত্যত নিজৰ সুকীয়া স্থান দখল কৰিছে। "ওমলা ঘৰৰ ধূলি, বনজুই, ছৱিঘৰ, মাটিৰ চাকি, আধাৰশিলা, স্বপ্নভংগ, প্ৰাচীৰ আৰু প্ৰান্তৰ, ফাগুনৰ শেষ হাঁ‌হি, একাবেকা বৃত্ত, তীৰ্থযাত্ৰী, এটা ধূমকেতুৰ শৰশয্যা, অন্য আকাশ অন্য তৰা, অঘৰী আত্মাৰ কাহিনী, সূৰুযমুখীৰ স্বপ্ন, জীয়া জুৰিৰ ঘাট, জেতুকা পাতৰ দৰে, অগ্নিগৰ্ভা, ৰজনীগন্ধাৰ চকুলো, ৰূপতীৰ্থৰ যাত্ৰী, কণ্ঠহাৰ, ত্ৰিশূল, অমৰ মায়া, অন্য যুগ ভিন্ন তীৰ্থ, ৰূপাবৰিৰ পলস, অৰণ্য দেৱতা ইত্যাদি উপন্যাস ৰচনা কৰি অসমীয়া উপন্যাস সাহিত্য চহকী কৰিছে। দৰাচলতে চৈয়দ আব্দুল মালিক আক্ষৰিক অৰ্থতে অসমীয়া উপন্যাসৰো ‘মালিক’ স্বৰূপ। সেই যুগত বিৰিঞ্চি কুমাৰ বৰুৱাৰ পাছত চৈয়দ আব্দুল মালিকেই অসমীয়া উপন্যাস সাহিত্যক ত্বৰান্বিত আৰু জনপ্ৰিয় কৰি তোলে। বিচিত্ৰ চৰিত্ৰ, বিষয়বস্তু তথা ঘটনা-পৰিঘটনাক লৈ তেওঁ উপন্যাসসমূহ ৰচনা কৰিছে। গ্ৰাম্য জীৱন, নগৰীয়া জীৱন, প্ৰাকৃতিক পৰিৱেশ, মনঃস্তত্ত্বমূলক দৃষ্টিভঙ্গী, বিশিষ্ট কথন ভঙ্গী, আৱেগ-অনুভূতিৰ তীব্ৰতা— এই সকলোবোৰ উপাদানে তেওঁৰ সৃষ্টিক বৈচিত্ৰ্যময় কৰি তুলিছে। সৃষ্টিশীল লেখক হিচাপে তেওঁৰ বৈশিষ্ট্য আৰু বাৰ্তাধৰ্মী উপন্যাসৰ সংখ্যাৰ লগত ফেৰ মাৰিব পৰা সাহিত্যিক অসমীয়া সাহিত্যত বহুত কম সংখ্যক আছে। 

     চৈয়দ আব্দুল মালিকৰ অসমীয়া চুটিগল্প সাহিত্যলৈ দিয়া অৱদানো অপৰিসীম। ১৯৪৫ চনত প্ৰথম প্ৰকাশিত চুটিগল্প সংকলন "পৰশমণি"ৰ পিছত "এজনী নতুন ছোৱালী", "ৰঙাগৰা", "মৰহা পাপৰি", "প্ৰাণাধিকা", "ছয় নম্বৰ প্ৰশ্নৰ উত্তৰ", "মৰম মৰম লাগে", "শিখৰে শিখৰে", "বিভৎস বেদনা", "আৱৰ্ত", "হাঁ‌হি আৰু চকুলো", "অমৰ মায়া" আদি চুটিগল্প সংকলন প্ৰকাশিত হয়। যাৰ বাবে পাঠক সমাজত তেখেতে যথেষ্ট সমাদৰ লাভ কৰিছিল। অসমীয়া সংগীত আৰু নাট্য জগতলৈও তেখেতৰ উল্লেখযোগ্য অৱদান আছে। যিটো সময়ত অসমত নাট্যকাৰৰ অভাৱ অনুভৱ কৰা হৈছিল সেই সময়তে চৈয়দ আব্দুল মালিকে অনাতাঁৰৰ উপযোগী নাটককে ধৰি " আজান ফকীৰ, কাঠফুলা, ৰাজদ্ৰোহী, মকৰাজাল, দূৰৰ দেৱতা, খান বাহাদুৰ, আধা অঁ‌কা ছৱি, আদি নাটক আৰু গীত ৰচনাৰ অৰিহণাৰে এই দিশৰ অভাৱ দূৰ কৰাৰ চেষ্টা কৰিছিল। অসমীয়া শিশু সাহিত্যলৈও তেখেতৰ যথেষ্ট বৰঙনি আছে। এওঁৰ মতে, যি সাহিত্যত শিশু সাহিত্যৰ অভাৱ তাত অন্য ভাষা-সাহিত্যই গা কৰি উঠিব নোৱাৰে। তেওঁ অসমৰ শিশুসকলৰ উপযোগীকৈ সাহিত্য ৰচনা কৰিছিল, যি সাহিত্য আমি সকলোৱে স্কুলীয়া জীৱনত পঢ়ি আহিছোঁ। তাৰ ভিতৰত "এখন সোণালী দুৱাৰ", "মুকলি মনৰ সাধু", "নানান ফুলৰ কৰণি" আদি অন্যতম। 

     চৈয়দ আব্দুল মালিক অসমৰ ৰাইজৰ মাজত কবি হিচাপে জনাজাত নহ'লেও তেখেতে কবিতা নিলিখাকৈ থকা নাছিল। "মোৰ স্বপ্ন" নামৰ কবিতাটোৰ বাবে তেখেতক অসমৰ ৰাইজে চিৰদিন স্মৰণ কৰিব। "বদুইন", "স্বাক্ষৰ", "ছন্দহাৰা" আদি কবিতাপুথি ৰচনা কৰি কাব্যসাহিত্যটো নিজৰ স্থান দখল কৰিছিল। অসমীয়া ভাষা সাহিত্যৰ সেৱক চৈয়দ আব্দুল মালিকদেৱে পৃথিৱীৰ বহুতো দেশ ভ্ৰমণ কৰি লাভ কৰা জ্ঞান আৰু অভিজ্ঞতাৰে তিনিখন ভ্ৰমণকাহিনী গ্ৰন্থও ৰচনা কৰিছিল। গৱেষক, নিবন্ধকাৰ এইজনা মহান কথাশিল্পীৰ গৱেষণামূলক গ্ৰন্থ হিচাপে " অসমীয়া জিকিৰ আৰু জাৰী, আজান ফকীৰ আৰু সুৰীয়া জিকিৰ, জীৱনৰ সাৰথি নাম, শংকৰদেৱ আৰু অসমৰ সংস্কৃতি, ৰাইজৰ মুখৰ মাত" আদি উল্লেখনীয় গ্ৰন্থ। অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অভূতপূৰ্ব অৱদানৰ বাবে তেখেতে বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ৰুছ দেশ ভ্ৰমণক লৈ লিখা "মাজত মাথোন হিমালয়" গ্ৰন্থৰ বাবে 'ছোভিয়েট লেণ্ড নেহৰু বঁ‌টা', ১৯৭২ চনত "অঘৰী আত্মাৰ কাহিনী" শীৰ্ষক উপন্যাসৰ বাবে 'সাহিত্য অকাডেমি বঁ‌টা', ভাৰত চৰকাৰৰ পৰা ১৯৮৪ চনত 'পদ্মশ্ৰী' আৰু ১৯৯২ চনত 'পদ্মভূষণ'ৰ দৰে অসমাৰিক সন্মান, 'অসম উপত্যকা সাহিত্য বঁ‌টা', ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা "Doctor of Literature" ৰ সন্মান, ১৯৭৭ চনত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতিৰ পদ অলংকৃত কৰাৰ উপৰিও আৰু বহুতো সৰু-বৰ সন্মান লাভ কৰিছিল।

     অসমীয়া সাহিত্যৰ এনে কোনো দিশ নাই যিটো দিশ চৈয়দ আব্দুল মালিকে স্পৰ্শ কৰা নাছিল। বিভিন্ন দৃষ্টিকোণৰ পৰা দৃষ্টি নিক্ষেপ কৰিলে দেখা পোৱা যায় যে এই ব্যক্তিজনাই অসমীয়া সাহিত্যৰ বিভিন্ন ক্ষেত্ৰলৈ যি অৱদান আগবঢ়াইছে সেয়া অসমীয়া সাহিত্যৰ মূল্যৱান সম্পদ, যাৰ মূল্য নিৰ্ণয় কৰাটো অতি কঠিন। 


✍️জনাৰ্দন তালুকদাৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)