নিশাতে ফুলিলি গোন্ধত আমোলমোল
সূৰ্য্যোদয় আগে আগে
কি ঠেহ অভিমানে
সৰি পৰিল নিয়ৰৰ টোপোলে টোপালে ৷
মৰহা শেৱালি সূৰ্য্যৰ পোহৰত জিলিকি
শেষ হব নিশাৰ মেলানি
ভাহিঁ অহা সুগন্ধিয়ে
অভিমানী শেৱালিৰ গোন্ধে
কাৰ হৃদয়ত থিতাপি ললে ৷
সুগন্ধিত আনন্দৰ জীপাল
সৃষ্টিৰ অমৰ দান
জীৱন খন্তেকীয়া এনিশাৰ পাহিহৈ
মান মৰ্যাদা,গুণাগুণ সৌন্দৰ্যৰ বিচাৰ লবলৈ
থমকি ৰলেই শেষ হয় নিশাৰ শেৱালি ৷
ফুল ফুলিলেই মৰহি যাব
কাহানিও নাথাকে আজীৱন ফুলি
সুন্দৰতাৰ যিমানেই হওক
কোনোবা দুৱাৰত থমকি ৰয় ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ