নিমিলা অনুভৱ -যদুমণি দাস

©Admin
0
আচলতে জীৱনটো হেৰাই নাযায় । 
হেৰুৱাই পেলাই, কোঙা কৰি পেলাই 
কিছুমান বাস্তৱ চৰিত্ৰই ।
তুমি যিমানেই সুখী হোৱা চেষ্টা নকৰা কিয় 
কিছুমানে বিষাদ বুকুত লাগি ধৰিবই ।
এই যে কাঢ়ি লৈ যায় সুখবোৰ , 
এই যে বিধ্বস্ত কৰিব পৰাকৈ মানহৰ একান্ত শক্তি আছে, 
সেয়া কি ?
এনেই মন নাযায় চিগাৰেট, মদিৰা বটলত 
ওঁঠৰ পৰশ দিবলৈ !
বাধ্য কৰে কিছুমান চিনাকী বস্তুৱে 
অথচ টুকৰ নিদিয়া কৈয়ে ।

এদিন সুখে সুধিছিল
তোমাৰ হাঁহি ক'ত
মই ক'লো কিছুমান বিষাদে কাঢ়ি লৈ গ'ল 
চিৰ দিনৰ বাবে।

✍️যদুমণি দাস 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)