এজাক বৰষুণৰ কামনাৰে- নাছিৰ আহমেদ

©Admin
0
এজাক বৰষুণৰ কামনাৰে ------
মই ৰৈ আছো পদূলি মুখলে'
পছোৱা নিলাজ বতাহজাকে বৈ আছে
বাৰে বাৰে বুকুৰ আঁচল খহাই ।
ধূলিয়ৰি আকাশখনে ঘোপাকৈ চাইছে
আইতাকৰ নিষ্পলক ঘোলা চকুযুৰিৰ দৰে।

গছবোৰ লঠঙা হৈ পৰিছে
সৰাপাতৰ মৰ্মৰ ধ্বনিতো মৃত্যুৰ যন্ত্ৰণা!

গছৰ ডালত লুকাই লুকাই কুলিটি ভূমুকি মাৰিছে
 এজাক বৰষুণৰ কামনাৰে --------
                             মই ৰৈ আছো পদূলি মুখলে'।
চঞ্চলা গাভৰুজনী নৈৰ পাৰলৈ যায় ,
                     মুখত ৰিব ৰিব বসন্তৰ আগমনি গীত
উঠন বুকুত মৰুভূমিৰ শুকান হাঁহাকাৰ 
এজাক বৰষুণৰ কামনাৰে-----

কেতিয়া তাইৰ গা মূৰ তিঁৱাই দিব এজাক বৰষুণ 
বাজিব মাদল ,বাজিব শঙ্খ কাঁহ 
ঢোল- খোলৰ তাক ধিনা ধিন , ধিনা ধিন মাতত
              
মৰুৰ বুকুত নামিব মৰুদ্যান 
    গাভৰুজনীৰ হিয়াত ফুলি উঠিব
ৰঙচুৱা মদাৰ,পলাশ আৰু কৃষ্ণচূড়া ফুল !

এজাক বৰষুণৰ কামনাৰে ---
মই ৰৈ আছো পদুলি মুখলে'
কেতিয়া অশান্ত হৃদয় মোৰ পৰিব শাঁত 
কেতিয়া জ্বলাই যাম নৱতম সৃষ্টিৰ শলিতা !!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)