মই অসুৰে কৈছো -মানস জান শইকীয়া

©Admin
0
আজিৰ মানৱৰ অন্যায় অবিচাৰ
হিংসা কোলাহল,
সহিব নোৱাৰা হ'ল 
জননী ধৰিত্ৰীয়ে। 
সমাজৰ জাতিভেদ কুসংস্কাৰ
অধৰ্মৰে ভৰপূৰ সম্পূর্ণ সংসাৰ,
পাপেৰে ভৰি পৰি পূণ্য শেষ হৈ
সৃষ্টি কৰিলে অসুৰৰ দৰবাৰ। 
শুন হেৰৌ অধৰ্মী মানৱ
মই অসুৰে কৈছো,
তহঁতেই মোক অসুৰ বনালি
সত্যক অসত্য কৰি 
মোৰ,
সুখ নাইকীয়া কৰি 
দুখৰ নদী বোৱালি ।
মোক বিষাদ দি আনন্দ কাঢ়িলি,
ৰক্ত পীপাষু কৰি তুলিলি। 
আজি মোৰ একো নাই জীৱনত
হ'লো এটা সমাজৰ নৰপিশাচ। 
শুন হেৰৌ দূৰন্ত মানৱ
আঁতৰা তহঁতৰ ধৰ্মৰ অভিনয়
খুলি পেলা তহঁতৰ সত্যৰ মুখা,
ন'হলে মোৰ দৰে প্ৰতিজন হ'ব অসুৰ ।
তহঁতৰে তেজ পিব, মঙহ খাৱ;
অশান্তিৰ সৃষ্টি কৰি
শেষ কৰিব তহঁতৰ সুখৰ সংসাৰ। 

                        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)