ডাৱৰৰ নিভাঁজ ক'লা সৌন্দৰ্য
গছৰ পাতত পৰিছে
বৰষুণৰ টোপাল
বতাহে বৰষুণে নেপুৰ বজালে
প্ৰকৃতিয়ে অভ্যৰ্থনা বোৰ সুন্দৰকৈ সজালে ।
আকাশৰ পৰা সৰা
হেঁপাহৰ লহৰে
মন-প্ৰাণ কৰিছে জীপাল।।
তোৰ পৰশতে প্ৰাণ পাই উঠে
মৰহি যোৱা গোলাপ পাহি;
প্ৰেমিক যুগল তিতি-বুৰি জুৰুলি-জুপুৰি
মুখত বিৰিঙে হাঁহি।।
কৃষকৰ মনত আশাৰ সঞ্চাৰ
সেউজীয়া হ'ব ধাননি পথাৰ
হেজাৰটা দুখ মচি
সপোবোৰ পুৰণ
কৰিবি, আহিবি প্ৰত্যেকবাৰ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ