বহাগৰ নাচনী হৈ -আয়নাল চৌধুৰী

©Admin
0
আহিবা দেই বিহুতেই
স্নেহৰ দলিচা পাৰি দিম
তুমি আহি জিৰাবলৈ---!
জানা,গুটিফুলৰ গামোচাখন
ৰাখিছোঁ যতনাই
তুমি আহিলেই
বৰপেৰা খুলি আনিম উলিয়াই।
বিহু বুলি হেঁপাহেৰে
তোমাৰ ডিঙিত দিম ওলোমাই।

তুমি হাঁহিবা
দুচকুৰে পঢ়িবা হৃদয়ৰ ভাষা,
সাৰ পাব মোৰ
হেঁপেহুৱা সত্তা--!

ঢোলটি কান্ধত লৈ
বোল দিবা লাহে লাহে
নাচিম বহাগৰ নাচনী হৈ
বিহুনামৰ তালে তালে--!

জেতুকাৰে দুহাত বোলাই
কপৌফুল খোপাত গুজি
ওঁঠত তামোলৰ বোলেৰে
তুলিম হাতৰ খলকনি
গামখাৰুত ঝণঝণনি তুলি।

ৰিহাৰে আটি আটি বন্ধা কঁকালটি
হালিব জালিব
কঁপিব বৰগছৰ তল
উদুলি-মুদুলি হ'ব দেউতাৰ চোতাল।

তুমি আহিবা দেই বিহুতেই
বাট চাই আছোঁ তোমাৰ বাবে
ৰাংধালী বহাগৰ নাচনী হৈ
হৃদয়ৰ ভাষা দুচকুত পঢ়িবলৈ...।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)