মোৰ এটি কবিতা-ৰেণু শৰ্মা

©Admin
0

ছদ্মবেশী সুখ
সুখৰ ছদ্মবেশত দুখ আহে
ছলনাৰ মায়াৰে আবৃত হয় মনৰ অলিন্দ্য
সোণ বুলি কাঁচকেই পিন্ধি লওঁ কণ্ঠ হাৰ
সময়ৰ বলুকাত যেতিয়া পৰি ৰয় ছদ্মবেশীৰ ৰঙীন পোছাক
তেতিয়াই ভাঙি পেলাওঁ
সুখ আকাংখী
কল্পনাৰ সোণালী সৌধ
দুখীয়াৰ ভগাপঁজালৈ
অকলশৰীয়া তীৰ্থযাত্ৰা
অৰ্ধ সমাপ্ত যেন এটি
প্ৰেমৰ কবিতা
আধা লেখা দস্তাবেজ
বাস্তৱৰ কঠিন শিলালিপি
কৈ শেষ নোহোৱা এটি সাধুকথা
এটি টুনি আহিল মুখত এটা ধান লৈ উৰি গুচি গ'ল
আকৌ এটা টুনি আহিল, মুখত এটা ধান-----

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)