বহু বাধা যে আছে তাত।।
পদে পদে হয়তো পাম বিপদ,
সাহসেই হ'ব মোৰ সম্পদ।।
বহু মানুহ মই লগ পাম,
ভাবি-চিন্তিহে মনৰ কথা ক'ম।।
আই-পিতাইক কৰিম সন্মান,
মইও তেতিয়াহে পাম মান।।
জীৱন বাটত মই ভৰি থৈ,
পিছফালে নাচাও থমকি ৰৈ।।
পৰো যদি পিছলি জীৱন বাটত,
সাহস এৰি নিদিও কেতিয়াও মনত।।
উঠিবতো লাগিবই মই নিজে,
ছাঁটোৱেও কেতিয়াবা লগ এৰে।।
নকৰো মনত অকনো সংশয়,
আগবাঢ়ি যাম এদিন মোৰ হ'ব জয়।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ